_id stringlengths 64 64 | text stringlengths 355 6.65k | title stringclasses 1
value |
|---|---|---|
52f5fcd6e7583b4e4a298304efd21cf03bb49d937581ff5fad2c290a5902be19 | ১২১০ খ্ৰীষ্টাব্দত তেলুগু চোলসকলে তেওঁৰ সাৰ্বভৌমত্ব মানি লৈছিল। পূৱে গোদাবৰী বদ্বীপৰ পৰা পশ্চিমে ৰায়চুৰ (এতিয়া কৰ্ণাটক ৰাজ্যত) আৰু উত্তৰে কৰিমনগৰ আৰু বস্তাৰৰ (এতিয়া ছত্তিশগড় ৰাজ্যত)পৰা দক্ষিণে শ্ৰীশৈলম আৰু ত্ৰিপুৰান্তকম (ওঙ্গলৰ ওচৰত) পৰ্যন্ত অঞ্চল তেওঁ নিজৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। তেওঁৰ ৰাজত্বকালতেই গোলকুণ্ডা দুৰ... | |
6f4fb1e4a35208fb3370f83c023b0e8ba9bda5534d3499434a1c8c8f2c6e94a8 | ১৮০০ খ্ৰী:পূ:ৰ পৰাই সিন্ধু সভ্যতাৰ পতন আৰম্ভ হয় আৰু ১৭০০ খ্ৰী:পূ:লৈ ইয়াৰ প্ৰায়ভাগ নগৰেই বৰ্জিত হৈ পৰে। ১৯৫৩ চনত মৰ্টিমাৰ হুইলাৰে মধ্য এচিয়াৰ আৰ্যসকলৰ আগমনেই সিন্ধু সভ্যতাৰ পতনৰ কাৰক হোৱাৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰে। ইয়াৰ প্ৰমাণস্বৰূপে তেওঁ মহেঞ্জোদাৰোৰ বিভিন্ন ঠাইত আৱিষ্কাৰ হোৱা ৩৭টা কংকাল আৰু বেদসমূহত বৰ্ণিত যু... | |
e048d5d08148383069d3e4427577bbd23be2a3adea8e8aefb37d3ffcfa98265d | ১৮২৮ চনৰ ১৯ নৱেম্বৰত বাৰাণাসীৰ এটা মাৰাঠী কাৰ্হাডে ব্ৰাহ্মণ পৰিয়ালত ৰাণী লক্ষ্মীবাইৰ জন্ম হৈছিল। জন্মৰ সময়ত তেওঁৰ নাম ৰখা হৈছিল মণিকৰ্ণিকা তাম্বে আৰু সকলোৱে তেওঁক মণি বুলি মাতিছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে ম'ৰ'পাণ্ট তাম্বে' আৰু ভাগীৰথী ছাপ্ৰে' (ভাগীৰথী বাই)। পিতৃ-মাতৃ উভয়েই মহাৰাষ্ট্ৰৰ লোক আছিল। লক্ষ্মীবাইৰ ম... | |
2648e3e309347251d00fd1729d6fd83f226a98e761a07df7ee4a0d8a13c11c7d | ১৮৪১ চনত সংস্কৃত মহাবিদ্যালয়ত শিক্ষা সমাপ্ত হোৱাৰ পাছত সেই বছৰতেই ২৯ ডিচেম্বৰত মাত্ৰ ২১ বছৰ বয়সত “ফ’ৰ্ট উইলিয়াম কলেজ”ৰ বঙালী বিভাগৰ চিৰস্তাদাৰ বা প্ৰধান পণ্ডিতৰ পদত নিয়োজিত হয়। তেতিয়া বেতন মাহেকে ৫০ টকা আছিল। ১৮৪৬ চনত ৫ এপ্ৰিল পৰ্যন্ত তেওঁ এই পদৰ দায়িত্বত আছিল। ১৮৪৬ চনত ৬ এপ্ৰিল একেই বেতন হাৰত সংস্কৃত কলেজৰ সহকা... | |
ae4d7b20dbb21929b68aa90ac3cd768bd44e6637a5e161d6e25c66545655d488 | ১৮৪২ চনৰ মে' মাহত ঝান্সীৰ মহাৰাজ ৰজা গংগাধৰ নেৱালকাৰৰ সৈতে মণিকৰ্ণিকাৰ বিয়া হৈছিল। তেতিয়াৰ পৰা পৰম্পৰা অনুযায়ী আৰু হিন্দু ধৰ্মৰ দেৱী লক্ষ্মীৰ সন্মানত তেওঁ লক্ষ্মীবাই নামেৰে পৰিচিত হয়। ১৮৫১ চনত লক্ষ্মীবায়ে পুত্ৰ সন্তান এটা জন্ম দিছিল। পিছলৈ দামোদৰ ৰাও নাম দিয়া এই ল'ৰাটোৰ মাত্ৰ চাৰি মাহ পিছতে মৃত্যু হয়। মহাৰাজই সম... | |
3cc28a1c92833d70a269368c9d1521612acde95de00b194f8913b38d0a564b04 | ১৮৪৫ চনৰ মাজত হৰ্নবি ভেলাৰ্ড প্ৰকল্পৰ কল্যাণত বোম্বাইৰ সাতোটা দ্বীপ একক ভূখণ্ডত পৰিণত হয়। ১৮৫৩ চনৰ ১৬ এপ্ৰিলত বোম্বাই আৰু পাৰ্শ্বৱৰ্তী চহৰ থানেৰ মাজত ভাৰতৰ প্ৰথম যাত্ৰীবাহী ৰেল পৰিসেৱা আৰম্ভ হয়। আমেৰিকাৰ গৃহযুদ্ধৰ (১৮৬১-৬৫) সময়ত বোম্বাই বিশ্বৰ প্ৰধান ক’পাৰ্চ বাণিজ্য বজাৰত পৰিণত হয়। ইয়াৰ ফলত চহৰৰ ব্যাপক অৰ্থনৈতিক উ... | |
c379fbe56f981d2ca555d4a72d8c09ca4469400a39af9a1847312b274da509ba | ১৮৭৩ চনত ইয়াত এটা জলাধাৰ নিৰ্মিত হয়। এই জলাধাৰটো পূৰ্ব আৰু পশ্চিম যমুনা খাল নামেৰে দুটা গুৰুত্বপূৰ্ণ খালৰ উৎপত্তিস্থল। এই খালদুটাৰ মাধ্যমেৰে হাৰিয়ানা আৰু উত্তৰপ্ৰদেশ ৰাজ্যৰ জনসিঞ্চনৰ পানী সৰবৰাহ কৰা হয়। পশ্চিম যমুনা খাল যমুনা নগৰ, কাৰণাল আৰু পানিপথ পাৰ হৈ হায়দাৰপুৰ ট্ৰিটমেণ্ট প্ল্যাণ্টত উপস্থিত হৈছে। এই প্ল্যাণ্টট... | |
65730445e24cef32b8ccce9cd3358b6310c6ab699c52ebb502056a2754636b78 | ১৯০১ চনত ব্ৰহ্মচৰ্যাশ্ৰম প্ৰতিষ্ঠাৰ পিছত ৰবীন্দ্ৰনাথৰ কবিতাত আধ্যাত্মিক চিন্তাৰ প্ৰাধান্য পৰিলক্ষিত হয়। এই চিন্তা প্ৰকাশ পাইছে নৈবেদ্য (১৯০১), খেয়া (১৯০৬), গীতাঞ্জলি (১৯১০), গীতিমাল্য (১৯১৪) আৰু গীতালি (১৯১৪) কাব্যগ্ৰন্থত। ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সূচনা হোৱাত বলাকা (১৯১৬) গ্ৰন্থত ৰবীন্দ্ৰনাথৰ কবিতাত আধ্যাত্মিক চিন্... | |
5cb6920a692ea1742cecae9dfba49a1b7c63b9b0b0322a967c79a99ddd294525 | ১৯০৪ চনত কাজিৰঙা অঞ্চলত গঁড় চাবলৈ আহিছিল তদানীন্তন ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন। এই যাত্ৰাত তেখেতে অকল গঁড়ৰ খুৰাৰ ছাপ দেখা পায়, এটাও গঁড় দেখিবলৈ নাপালে। তেখেতৰ লগত যোৱা 'পশু সন্ধানক' (animal tracker) 'বলোৰাম হাজৰিকা'ই (নিগনা চিকাৰী) গঁড় সংৰক্ষণৰ আৱশ্যকতা সম্পৰ্কে মেৰী কাৰ্জনৰ আগত দাঙি ধৰে। ইয়া... | |
7b33474baf6cf783d0b1d6e3dbb3d4e4a5f8389a8808a1a1eb989cb8c5ff4897 | ১৯০৫ চনত বেংগল বিভক্ত হোৱাৰ সময়ত সৰোজনীয়ে ভাৰতীয় জাতীয় আন্দোলনত যোগদান কৰে। সেই সময়ত তেখেত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মহম্মদ আলী জিন্না, ৰবীন্দ্ৰনাথ ঠাকুৰ, গোপাল কৃষ্ণ গোখলে, এনি বেচাণ্ট ইত্যাদিৰ সংস্পৰ্শলৈ আহে। সেই সময়ৰ মহিলাক সজাগ কৰি পাকঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে তেখেতে চহৰৰ পৰা চহৰ... | |
33c39f1c9bd91e1c72cdaf3eab8baedd27f2cbac2a9692657d7e200c138e9cf8 | ১৯১৫ চনত মোহনদাস গান্ধী স্থায়ী ভাৱে ভাৰতলৈ উভতি আহে। এগৰাকী আন্তৰ্জাতিক পৰ্যায়ৰ ভাৰতীয় জাতীয়তাবাদী, সংগঠক আৰু সূত্ৰকাৰ (theorist) হিচাপে বিপুল সন্মানেৰে তেখেতক আদৰণি জনোৱা হয়। তেখেতে আহি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু ভাৰতৰ সমস্যাসমূহ আৰু প্ৰচলিত ৰাজনীতিৰ বিষয়ে জানিবলৈ পায়। সেইসময়ত কংগ্ৰেছ দলৰ নেতা গোপা... | |
5d214ea3a1181ea911d615f0ec633d17e9629e03346eb1ca9d57216b9f1b8940 | ১৯১৭ চনত মহাত্মা গান্ধীয়ে চাম্পাৰণত মেজিষ্ট্ৰেটৰ হুকুম অমান্য কৰি তেওঁৰ কাম সমাধা কৰিবলৈ ওলোৱাৰ কথা শুনাৰে পৰা ছৰ্দাৰ বল্লভভাই মহাত্মা গান্ধীৰ প্ৰতি আকৰ্ষিত হয় আৰু তেতিয়াৰে পৰাই তেওঁ সংগ্ৰামত সোমাই পৰি গুজৰাটৰ সভাত যোগদান দিয়ে। গুজৰাট সভাই বেগাৰি প্ৰথাৰ বিৰুদ্ধে এই আন্দোলনৰ কাৰ্যসূচী হাতত লয়। এই আন্দোলনৰ ফলত বেগাৰ... | |
38540d77f17f954fb3a29b745b1a889a98c9109a84b96f2d460688727ce22e1a | ১৯২০ চনত শেষলৈ তেওঁ তিনিহাজাৰ টকা উপাৰ্জন কৰা ওকালতি ব্যৱসায় বাদ দি তেওঁ স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ ওলাই আহিছিল। তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ অসহযোগ আন্দোলন, ১৯৩২ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ কাৰণে কেইবাবাৰো কাৰাবৰণো খাটিছিল। তেওঁ ভাৰতীয় কংগ্ৰছৰ সাধাৰণ সম্পা... | |
58c95ef400e4ef4102af00fd299f1791f5628797eb256c910a41a60ab9571cd3 | ১৯২১ চনত মোহনদাস গান্ধী ভাৰতীয় কংগ্ৰেছ দলৰ কাৰ্যবাহী সম্পাদক নিযুক্ত হয় আৰু তেখেতৰ নেতৃত্বত কংগ্ৰেছৰ সংবিধান সলনি কৰি 'স্বৰাজ' দলৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। এক প্ৰতিকী মূল্যৰ বিনিময়ত দলৰ সদস্যপদ সকলোৰে বাবে মুক্ত কৰা হয়। লগতে দলৰ শৃঙ্খলা বজাই ৰখাৰ বাবে নতুন শাখা প্ৰৱৰ্তন কৰাৰ উপৰিও এই দলক এই বিশেষ শ্ৰেণীৰ লোকৰ সলনি ... | |
94b33942892d199e6de5c743e3d1494f3ba70c3acf43637bf12633eeb9966526 | ১৯২১ চনত ৰবীন্দ্ৰনাথে কৃষি অৰ্থনীতিবিদ লিওনাৰ্ড কে এল্মহাৰ্ষ্টৰ লগত মিলি শান্তিনিকেতনৰ সমীপত অৱস্থিত সুৰুল নামৰ গাঁৱত পল্লী পুনৰ্নিমাণ সংস্থা নামৰ এটা প্ৰতিষ্ঠান গঢ়ি তোলে। পিছত তেওঁ এই প্ৰতিষ্ঠানটোৰ নাম সলনি কৰি "শ্ৰীনিকেতন" ৰাখে। এই "শ্ৰীনিকেতন"ৰ মাধ্যমেৰে ৰবীন্দ্ৰনাথে মহাত্মা গান্ধী পৰিচালিত স্বাধীনতা আন্দোলনৰ এটি ... | |
4987c9d0b7347e7ea7a6ae27133d79092b6853ba892b5cf0367c0dce4334327e | ১৯২৯ চনত মদাৰ টেৰেছা ভাৰতলৈ আহে আৰু কলিকতাত থাকিবলৈ লয়। কলিকতাৰ চেণ্টমেৰী হাইস্কুলত তেওঁ শিক্ষকতা জীৱন আৰম্ভ কৰে। ১৯২৯ চনৰ পৰা ১৯৪৮ চনলৈ তেওঁ শিক্ষকতা কৰে। তেওঁ শ্ৰেণীত ভূগোল আৰু বুৰঞ্জীৰ পাঠদান কৰিছিল। শেষলৈ সেই বিদ্যালয়ৰ অধ্যক্ষাৰ পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। সেইসময়ত কলিকতাৰ মানুহৰ মাজত এক ভীষণ হাহাকাৰ। চাৰিওফালে... | |
aaf975c21be20b8f26066cec20addd1d33366182b9acbb8bbf0316dca21090b2 | ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্ম হয়। তেখেতৰ পিতৃ জয়নাল আবদিন এগৰাকী নাৱৰীয়া আৰু মাতৃ অসীমা এগৰাকী গৃহিনী আছিল। তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল নাছিল আৰু সেয়ে তেখেতে কম বয়সৰ পৰাই পৰিয়াললৈ আৰ্থিক অৱদান আগবঢ়াবৰ বাবে কাম কৰা আৰম্ভ কৰে। ভিন্ন ভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ডাঙৰ হ'লেও কালামে এক নিৰ্দিষ্ট ধৰ্... | |
6f81d22fd45f42918de42922834de0351259a31e9b4b8544a8027d838cc58a6c | ১৯৩২ চন, এলাহাবাদ কংগ্ৰেছ কৰ্মীয়ে থিৰাং কৰিলে যে, চহৰৰ ব্লক টাৱাৰত তেওঁলোকে জাতীয় পতাকা উত্তোলন কৰিব। কিন্তু সেইসময়তে ক'ৰবাৰ পৰা অহা গৰুগাড়ী এখন ব্লক টাৱাৰৰ ফালে আগবাঢ়িল। গাড়ীখনৰ ভিতৰত মুখৰ পৰা ভৰিলৈ বোৰ্খা পৰিধান কৰা এগৰাকী সম্ভ্ৰান্ত মুছলমান মহিলা আছিল, মহিলা বাবে পুলিচে তেওঁক বাধা আৰোপ নকৰিলে। ব্লক টাৱাৰৰ ওপৰল... | |
87994ede90d85b5a7910c204e5c2cac50b6ba95dd7caa46ff6def02af10bd98b | ১৯৪৬ চনৰ ছেপ্টেম্বৰ মাহ তেওঁ জৱাহৰলাল নেহেৰুৰ অন্তৰ্বৰ্তী কালিন চৰকাৰৰ খাদ্য আৰু কৃষি দপ্তৰৰ মন্ত্ৰী ৰূপে নিযুক্ত হৈয়েই কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত তেওঁ সাৰ্বভৌম ভাৰত গনৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় আৰু যথাক্ৰমে ১৯৫২ আৰু ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছতো তেৱেঁ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। ১৯৬২ ... | |
4f1432edf94b1a77cf6fecb01dd4a2728093498e49d3a283b48302661df3d9d0 | ১৯৫০ চনত ভাৰতত সাধাৰণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। তাৰ এবছৰ পাছতেই, অৰ্থাৎ ১৯৫১ চনত, ভাৰতীয় মানক ব্যুৰো (বিএচআই) প্ৰথম বাৰ জাতীয় পতাকা উৎপাদন সংক্ৰান্তত কিছু বিধি নিৰ্দেশ জাৰি কৰে। ১৯৬৪ চনত ভাৰতত মেট্ৰিক পদ্ধতি গ্ৰহণ কৰাত এই বিধিনিৰ্দেশত কিছু সংশোধনী অনা হয়। তাৰপাছত ১৯৬৮ চনৰ ১৭ আগষ্টত পুনৰায় বিধিসমূহ সংশোধিত কৰা হয়। আকাৰ... | |
4dabfc2076216d65bf103d145f0385eabe1e782f97b976421e0192a4bcf48661 | ১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত পূৰ্বৰ বম্বে ৰাজ্যৰ (বৰ্তমানৰ গুজৰাট) মেহচানা জিলাৰ ভদনগৰত অন্যান্য পিছপৰা জাতিৰ ঘাঞ্চী-তেলি সমাজৰ এটি পৰিয়ালত মোদীৰ জন্ম হয়। . পিতৃৰ নাম আছিল দামোদৰদাস মোলচন্দ মোদী আৰু মাতৃৰ নাম হীৰাবেন। চাৰিজন সন্তানৰ মাজত পিতৃ-মাতৃৰ তেওঁ তৃতীয়টো সন্তান আছিল। ভদনগৰ ৰেলৱে ষ্টেশ্যনত থকা দেউতাকৰ চাহৰ দোকানত ম... | |
44805ace39f00128d20380a0da44f7e08365636f89f4184f9c6d5cd067c55174 | ১৯৫৬ চনত অমৰ্ত্য সেন ইংলেণ্ডৰ পৰা ভাৰতলৈ উভতি আহে আৰু কৰ্ম জীৱনৰ পাতনি মেলে। তেওঁ কৰ্মজীৱনত অধ্যাপনা আৰু গৱেষণাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰে। তেওঁ পোনতে যাদৱপুৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৪ বছৰ। যাদৱপুৰৰ পিছত তেওঁ কলকাতা আৰু দিল্লীৰ স্কুলছ অব ইকনমিক্সত অধ্যাপনা কৰে। তেওঁ সুদীৰ্... | |
ea0dc7f7157ba73f6f4c33fc6b230d4080c6633ee6280af04161edb034460877 | ১৯৫৭ চনৰ শেষৰ ফালে এই ৬১ কিঃ মিঃ দৈৰ্ঘ্যৰ পথচোৱাৰ কাম শেষ হয়। ১৮৫৪ চনৰ ২৮ জুনৰ দিনা পৰীক্ষামূলকভাবে ৰে'লৰ চলাচল কৰোৱা হয়। একে বছৰৰে ১৫ আগষ্টৰ পৰা নিয়মীয়াকৈ হাওৰা আৰু হুগলীৰ মাজত পুৱা-আবেলি যাত্ৰীবাহী ৰেলৰ সেৱা আৰম্ভ হয়। মাদ্ৰাজ ৰে'লৱে কোম্পানীয়ে ৱেয়াচাপান্দিৰ পৰা (Veyasarpandy) আৰু ৱালাজা ৰ'ড বা আৰকটলৈ (Walajah ... | |
c49291f5425f2e106248a4991d556dd2887e6530100887237f65f3a6f2ff0bdb | ১৯৬০ চনত মাদ্ৰাজ ইন্সটিটিউট অৱ টেকন'ল'জীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত কালামে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ (ডি আৰ ডি অ') এৰ'নৌটিকেল ডেভেল'পমেণ্ট এষ্টাব্লিশ্বমেণ্টত মুখ্য বিজ্ঞানী হিচাবে যোগদান কৰে। কালামে ভাৰতীয় সেনাবাহিনীৰ বাবে এখন সৰু হেলিকপ্টাৰ ডিজাইনেৰে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰে যদিও ডিআৰডিঅ'ত নিজৰ চা... | |
37e76b28b7912e95239fc2e043eb2a535fb2d0cf338c33bc9dff4421cf15c595 | ১৯৬২ চনৰ ১৭ মাৰ্চ তাৰিখে ভাৰতৰ কৰ্নাল নামে ঠাইত কল্পনা চাওলাৰ জন্ম হৈছিল। কল্পনা চাওলাৰ আনুষ্ঠানিক জন্ম তাৰিখ ১৯৬১ চনৰ ১ জুন। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ তেওঁৰ জন্মৰ তাৰিখ সলনি কৰা হৈছিল। কল্পনা চাওলাৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে বনাৰসী লাল চাওলা আৰু সংগীতা চাওলা। কল্পনা চাওলা আছিল তেওঁলোকৰ আট... | |
73a4a834f2234f7252fdad33ac8476e21c7a0209bd9a56e478be5784f0187852 | ১৯৬৫ চনত তেওঁক প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে প্ৰশাসনীয় সংস্কাৰ আয়োগৰ সভাপতি পাতে। ১৯৬৭ চনত তেওঁ হয় উপ-প্ৰধানমন্ত্ৰী। ১৯৬৯ চনত দ্বিবিভক্ত কংগ্ৰছ দলৰ সাংগঠনিক কংগ্ৰেছৰ সভাপতি হয় মোৰাৰজী আৰু শাসক কংগ্ৰেছৰ নেত্ৰী হল ইন্দিৰা গান্ধী আৰু দেশায়ে বিৰোধীৰ ভূমিকা পালন কৰি তেওঁ নিজৰ মতত অচল-অটল হৈ থাকিল। গুজৰাটত নিৰ্বা... | |
9305aa3034405152699bee329b5e11d1491a8c4ac41e7a7eeb90e05ed7f3b0b6 | ১৯৬৯ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহায়ত কংগ্ৰেছ দলৰ পৰা ৰাজ্যসভাৰ সদস্যপদলৈ নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়। ১৯৭৫-৭৭ চনত ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সময়ত কংগ্ৰেছৰ অন্যান্য নেতাৰ লগতে তেওঁৰ ওপৰতো ক্ষমতাৰ অতিমাত্ৰা অপব্যৱহাৰ কৰাৰ আৰোপ লগোৱা যায়। ১৯৮২-৮৪ চনত বিত্তমন্ত্ৰী পদেৰে তেওঁ প্ৰথমবাৰৰ বাব... | |
ba91574c001704ef76a56ccc37fe3964bcb0adf0b761bed135c377e16f123aca | ১৯৭১ চনত তেওঁ লণ্ডন স্কুল অব্ ইকনমিক্সত অধ্যাপনা কৰে। তাৰ পিছত ১৯৭৭চনৰ পৰা তিনি বছৰ ধৰি অক্সফ'ৰ্ডৰ নাফিল্ড কলেজত আৰু ১৯৮০ চনৰ পৰা ১৯৮৭ চনলৈ অক্সফ'ৰ্ডত অধ্যপনা কৰে। ১৯৮৭ চনৰ পৰা ১৯৯৮ চনলৈ হাৰ্ভাৰ্ডত তেওঁ অৰ্থনীতি কলেজত মাষ্টাৰ (আচাৰ্য্য) পদ লাভ কৰে। তদুপৰি আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত লেমণ্ট এমেৰিটাছ প্ৰফেছাৰ ৰূপে... | |
da91d61ab2b79aa537cdd8be40f6d1852e1e69159925a2d094b8c12eb9f48c7c | ১৯৭৫ চনত ২৪ বছৰ বয়সত ৰাজনাথ সিং জন সংঘৰ জিলা অধ্যক্ষ হিচাপে নিযুক্ত হয়। ১৯৭৭ চনত তেওঁ মিৰ্জাপুৰ বিধানসভা সমষ্টিৰ পৰা উত্তৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৮৪ চনত তেওঁ বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ পদত অধিষ্ঠিত হয়। তাৰপিছত তেওঁ ইয়াৰ ১৯৮৬ চনত ৰাষ্ট্ৰীয় সাধাৰণ সচিব আৰু ১৯৮৮ ৰাষ্ট্ৰীয় অধ্যক্ষ পদ লাভ কৰে। তেওঁ... | |
a1bc1d08036f8fdc9a3504604873fb2877d2dcabba460d36a1441a3633588c9f | ১৯৭৬ চনত এটা খেলৰ বঁটা বিতৰণী অনুষ্ঠানত ও. এম. নাম্বিয়াৰ নামৰ এথলেটিকছ্ প্ৰশিক্ষকজনে প্ৰথমবাৰৰ বাবে উষাৰ খেলৰ ধৰণ প্ৰত্যক্ষ কৰিছিল। ২০০০ চনত Rediff.comৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ কৈছিল, "মোক প্ৰথম দৃষ্টিতে আকৰ্ষিত কৰা উষাৰ গুণকেইটা আছিল- তেওঁৰ শৰীৰৰ হেলনীয়া গঢ় আৰু তীব্ৰবেগে খোজকঢ়া স্বভাৱ। মই জানিছিলোঁ যে তেওঁ ... | |
b52cfe531d2e7e1fa107518fd9847bca2291b407b53bc298407dc56daacc3ec9 | ১৯৮৮ চনত কল্পনা চাওলাই কেলিফ'ৰ্ণিয়াত অৱস্থিত নাছাৰ এমিছ গৱেষণা কেন্দ্ৰত গৱেষক বিজ্ঞানী হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৯১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ পাছত তেওঁ নাছাৰ মহাকাশচাৰী সংগঠনলৈ আৱেদন দিয়ে। হাউষ্টনত অৱস্থিত জনছন মহাকাশ কেন্দ্ৰত বহুতো পৰীক্ষা-নিৰীক্ষা আৰু আনুষ্ঠানিক সাক্ষাৎকাৰৰ অন্তত ১৯৯৪ চ... | |
5753777e1d8e8a2d87f633b7a06b5bc681a3350c5fadc219600d2f4d52a3b88e | ২০০১ চনৰ গণনা অনুসৰি, মুম্বাইৰ জনসংখ্যা ১১,৯১৪,৩৯৮। ২০০৮ চনৰ ওৱৰ্ল্ড গেজেটিয়াৰৰ প্ৰাককলন অনুসৰি এই চহৰৰ জনসংখ্যা ১৩,৬৬২,৮৮৫ আৰু মুম্বাই মহানগৰীয় এলেকাৰ জনসংখ্যা ২১,৩৪৭,৪১২। এই চহৰৰ জনঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ২২,০০০ জন। ২০০১ চনৰ গণনা অনুযায়ী, বৃহত্তৰ মুম্বাই অৰ্থাৎ বৃহন্মুম্বাই পৌৰসংস্থাৰ এক্তিয়াৰভুক্ত এলেকাত সাক্... | |
ea9fbd13a14b5e16672b59ca8938f78ca2449eb0d027024614b77cb374f8f094 | ২০০২ চনৰ পূৰ্বাবধি ভাৰতৰ সাধাৰণ নাগৰিকসকল জাতীয় ছুটিৰ দিনবিলাকৰ বাহিৰে অন্য সময়ত জাতীয় পতাকা উত্তোলনৰ অধিকাৰী নাছিল। শিল্পপতি নবীন জিন্দালে পতাকাবিধি ভঙ্গ কৰি তেওঁৰ কাৰ্য্যালয় ভৱনৰ শীৰ্ষত জাতীয় পতাকা উত্তোলন কৰাত পতাকাখন বাজেয়াপ্ত কৰা হয় আৰু তেওঁক সতৰ্ক কৰি দিয়া হয় যে এই ধৰণৰ বিধি ভঙ্গ কৰিলে তেওঁৰ বিৰুদ্ধে আইন... | |
a60806967503a23408bdbd802ee7081bb08f3996cfe68f1431ef53715dcb3473 | ২০০২ চনৰ পৰা চাৰিবাৰকৈ বিধান সভাৰ নিৰ্বাচনত মোদীয়ে মনোনয়ন পত্ৰ দাখিল কৰোঁতে বিবাহৰ অংশটো খালীকৈ ৰাখিছিল। ২০১৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত যশোদাবেন চিমনলাল নিজৰ বৈধ পত্নী মোদীয়ে স্বীকাৰ কৰে। ২০১৪ চনত প্ৰকাশিত Kishore Makwana's Common Man Narendra Modiৰ মতে মোদীয়ে ১৭ বছৰ বয়সত ঘৰ এৰি ৰাজকোটত থকা ৰামকৃষ্ণ মিশ্যন আৰু তাৰ পি... | |
40c2a59d9395046dbde54948043573c05bfa3555e583759b29605288e779618c | ২০০৯ চনৰ ৫ মাৰ্চত ভাৰত চৰকাৰে টকাৰ প্ৰতীক অঙ্কনৰ এক প্ৰতিযোগিতাৰ কথা ঘোষণা কৰে। ২০১০ চনৰ কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰাৰ সময়ত বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জীয়ে উল্লেখ কৰে যে টাকৰ প্ৰস্তাৱিত প্ৰতীটো ভাৰতীয় সংস্কৃতিৰ প্ৰতিফলন ঘটিব। প্ৰতিযোগিতাৰ পৰা প্ৰাপ্ত প্ৰতীৰসমূহৰ পৰা পাঁচটি প্ৰতীকক বাছি উলিওৱা হয়। ২০১০ চনৰ ২৪ জুনত কে... | |
0ca770e1999e4dc945e8793a5f8a20a4b8c79076293f6d66dfdd4a4ba8fff474 | ২২ মে, ১৭৭২ চনত হুগলী জিলাৰ ৰাধানগৰ গাঁৱত ৰামমোহন ৰায়ে এক সম্ভ্ৰান্ত কুলীন (বন্দোপাধ্যায়) ব্ৰাহ্মণবংশত জন্মগ্ৰহণ কৰে। তেওঁৰ বংশত অদ্ভুত বৈপৰীত্য লক্ষ্য কৰা যায়। প্ৰপিতামহ কৃষ্ণকান্ত ফাৰুখশিয়াৰে আমোলা বাংলাৰ সুবেদাৰৰ আমিনৰ কাৰ্য্য কৰিছিল। সেই সূত্ৰেই বোধ কৰোঁ এওঁলোকে 'ৰায়' পদবী ব্যবহাৰ। কৃষ্ণকান্তৰ কনিষ্ঠ পুত্ৰ ব্ৰ... | |
1f6868281b2d30d20145da103f0c929ce3b32ea3bf3b7f41e839a8476eaf2acf | ২৬০০ খ্ৰী:পূ:লৈ প্ৰাৰম্ভিক হৰপ্পা সমাজবোৰ একোখন বৃহৎ নগৰ কেন্দ্ৰলৈ পৰিণত হয়। এইসমূহৰ ভিতৰত আছে আধুনিক পাকিস্তানৰ হৰপ্পা, গনেৰিৱালা আৰু মহেঞ্জোদাৰো আৰু আধুনিক ভাৰতৰ ঢোলাভিৰা, কলিবঙ্গন, ৰাখীগাঢ়ী, ৰূপাৰ আৰু ল’থাল। এতিয়ালৈকে ১,০৫২খন নগৰ আৰু প্ৰতিষ্ঠাপন উদ্ধাৰ কৰা হৈছে। হৰপ্পা, মহেঞ্জোদাৰো আৰু ৰাখীগাঢ়ীৰ নগৰ পৰিকল্পনাত প... | |
44a12df8efaf443c2b1248b7011e04c36f50b0b29620391e154a0361b55ca3c3 | ৬ চেপ্তেম্বৰত বসু মাদুৰাইলৈ যাওঁতে থেৱৰে বসুৰ সমৰ্থনত এক বিশাল ৰেলীৰ আয়োজন কৰে। মাদুৰাইলৈ যোৱাৰ পথত তেওঁ মাদ্ৰাজত ৰৈ Gandhi Peakত তিনি দিন থাকি যায়। বসুৱে যদিও ব্ৰিটিছৰ দমন নীতিৰ ঘোৰ বিৰোধী আছিল, তথাপি তেওঁ ব্ৰিটিছৰ সুশৃংখল, পদ্ধতিগত কাম-কাজ আৰু জীৱনৰ প্ৰতি তেওঁলোকৰ সুস্থিৰ নিয়মানুৱৰ্তী দৃষ্টিভংগীৰদ্বাৰা তেওঁ প্ৰভাৱ... | |
5cb772ebc93f8c93da4be56de08a5163470e6b9a3d4ee924597d5c9ba94d94b6 | ৯ জুলাইত পূৰ্ৱৰ ৰীতি সলাই ব্ৰাহ্মণ আৰু বৈদ্যৰ বাহিৰেও কায়স্থসকলক সংস্কৃত কলেজত অধ্যয়নৰ সুযোগ কৰি দিয়ে। ২৬ জুলাইত দেওবাৰৰ সাপ্তাহিক ছুটিৰ প্ৰথা প্ৰৱৰ্তিত হয়। ইয়াৰ আগতে প্ৰতি অষ্টমী আৰু প্ৰতিপদ তিথিত ছুটি আছিল। ডিচেম্বৰ মাহত সংস্কৃত কলেজখন সকলো বৰ্ণৰ মানুহৰ বাবে উন্মুক্ত কৰে দিয়ে। ১৮৫২ চনৰ এপ্ৰিল ২৬ ত অনুচ্ছেদ সম্ব... | |
37c45e32068ea5d9a8017053e8d9126e8a3f4b8b70d651b21a5f75841654ec71 | ৰজা হিচাপে তেওঁ আছিল উচ্চাকাংক্ষী আৰু আগ্ৰাসী। অশোকে ভাৰতবৰ্ষৰ দক্ষিণ আৰু পশ্চিম প্ৰান্তলৈকে একচ্ছত্ৰী আধিপত্য স্থাপন কৰিছিল। কিন্তু ২৬২-২৬১ খ্ৰী:পূ:ত হোৱা কলিঙ্গ যুদ্ধই সম্ৰাট অশোকৰ জীৱনৰ সুঁতি সলনি কৰে। এই যুদ্ধত অশোকৰ ১০ হাজাৰ সেনাৰ লগতে প্ৰায় ১ লাখ সৈন্য আৰু সাধাৰণ লোকৰ মৃত্যু হয়। যুদ্ধত জয়ী হ’লেও এই যুদ্ধই অগণন... | |
4feed5129ae3aec2b9e199f6e3e8df153075bb510c6d7c9912de4bf8ddbd4caa | ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ কলকাতাৰ জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পিতৃ দেবেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃ সাৰদা দেবীৰ ১৪টা সন্তানৰ মাজত ১৩ নম্বৰজন আছিল ৰবীন্দ্ৰনাথ। তেওঁৰ সৰুতে মতা নাম আছিল ৰবি। ১১ বছৰ বয়সত তেওঁৰ লগুণদিয়নী সম্পন্ন হোৱাৰ পাচত ১৮৭৩ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ৰবীন্দ্ৰনাথে পিতৃৰ লগত ভাৰত ভ্ৰমণ... | |
14d18c4a69fde270deb719ac795b3a2bc82d037f78022953876f72b68d68e47c | ৰবীন্দ্ৰনাথৰ সকলোতকৈ প্ৰভাৱশালী সাহিত্য হৈছে তেখেতৰ গান আৰু কবিতাবোৰ। চুটিগল্প, প্ৰবন্ধ, ভ্ৰমণকাহিনী আৰু নাটক ৰচনাতো তেখেত সিদ্ধহস্ত আছিল। গান আৰু কবিতাৰ পিছতে তেখেতৰ আটাইতকৈ প্ৰভাৱশালী ৰচনা হ'ল চুটিগল্প। তেখেতক বঙালী ভাষাৰ চুটিগল্পৰ প্ৰতিষ্ঠাতা বুলি গণ্য কৰা হয়। তেখেতৰ ৰচনাৰ ছান্দসিক, আশাবাদী আৰু গীতিধৰ্মী ৰূপে সহজেই... | |
cd7867bd979d0e8214a5d7f71f76f839a1b6e7205dc3c59bbbac190548c16b14 | ৰাখী এই উৎসৱটো কেতিয়াৰ পৰা আৰম্ভ হ'ল এই কথা কোনেও সঠিককৈ ক'ব নোৱাৰে। পুৰণি এটা আখ্যান মতে দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতা সকল দুৰ্বলৰ দৰে অনুভৱ হল তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰ দেৱ বৃহস্পতিৰ কাষ চাপিল। বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তাই এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্... | |
d25e6b061e4a97314fcd2d73eeb71ddb79c56442f6ada8559d11a13853852853 | ৰাজনীতিত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ পৰিবৰ্তে তেওঁ দেশ সেৱাত মনোনিবেশ কৰিলে। সেইসময়ত দুটা কাম হাতত লৈছিল, মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ প্ৰসাৰ কৰা আৰু আনটো হল দিল্লীত এখন আদৰ্শ বিশ্ববিদ্যালয় জামিয়া-মিলিয়া প্ৰতিষ্ঠা কৰাৰ উদ্যোগ। ১৯৩৭ চনত গান্ধীজীয়ে বিদেশী স্কুলত শিক্ষা বিসৰ্জন দি দেশৰ সন্মুখত বুনিয়াদী শিাৰ জাতীয় আ... | |
58034ae7b7b5fbe2f3a4b2dffde51071556cee6b6eb42009a795793f88df31c5 | ৰাজস্থানী পুৰুষ-মহিলাৰ আকৰ্ষণীয় পোছাক আৰু ৰাজকীয় খাদ্যই এই কথাৰ উমান দিয়ে। ঘৰুৱাভাৱে ৰাজস্থানী পুৰুষে ধুতি আৰু আংগাৰখা পিন্ধে। আনুষ্ঠানিকভাৱে চুৰিদাৰ-পায়জামা আৰু কুৰ্তা পিন্ধে। মহিলাসকলে কঁকালত ঘাগৰা, বুকুত কাঞ্চালি (a half sleeved bodice) তাৰ ওপৰত পেটলৈকে পৰা হাত চুটি চোলা (sleeveless top) আৰু মূৰত ‘চুনৰী’ লয়। ৰা... | |
6701e6e1d7a03f4ba270a4106e4542e8012bad316f50389013e466140e29d5aa | ৰাজস্থানৰ প্ৰতিটো স্থাপত্যই ৰাজপুতসকলৰ ঐতিহ্য ঘোষণা কৰে। ইয়াত মূলতঃ তিনিখন জিলাৰ স্থাপত্যবোৰ উল্লেখ কৰা হ'ল। গোলাপী নগৰ জয়পুৰৰ পৰিকল্পনা কৰা হয় ১৯২৭ চনত। এই নগৰৰ প্ৰতিষ্ঠাপক ৰাজকুমাৰ ছাৱাই জয় সিঙৰ নামেৰে ইয়াৰ নাম জয়পুৰ হয়। জয়পুৰৰ উল্লেখযোগ্য স্থাপত্যবোৰ হ'ল এলবাৰ্ট হল, হাৱামহল, যন্তৰ-মন্তৰ আৰু আমেৰ প্ৰাসাদ আৰু ... | |
96058490683df2a284435bea3ad12cbe5e15f0ac37a5b17769de2a09c8d467a2 | ৰাজস্থানৰ পৰম্পৰাগত হস্তশিল্পৰ সামগ্ৰী ভাৰতবৰ্ষত অদ্বিতীয়। ৰাজস্থানী জুৱেলাৰী সৰ্বখ্যাত। জয়পুৰ হেনো ‘হীৰা কটা’ত (Cutting of small diamonds) পৃথিৱীৰ ভিতৰতে অন্যতম ঠাই। মুন ষ্ট'ন, প্ৰবাল আদি বিভিন্ন ধৰণৰ পাথৰৰ ব্যৱসায়ৰ বাবে ৰাজস্থান বিখ্যাত। পান্না, হীৰা, মুকুতা, ডালিমা বাখৰ (Garnet), Lapis lazuli, Agate (উজ্জ্বল নীলা... | |
e2a6cf190d0d6cf3ba4c6dc60867dcea580946fc22d86b915d2027790b9123df | ৰাণী কৰ্ণৱতীৰ ৰাখীত অভিভূত হৈ হুমায়ুনে চিতোৰ ৰক্ষাৰ অৰ্থে তেওঁৰ সৈন্য প্ৰেৰণ কৰে। হুমায়ুনৰ সৈন্যয়ে চিতোৰ ৰক্ষা কৰি দিয়ে। মহামতি আলেকজেণ্ডাৰ আৰু পুৰু ৰজাএটা কিংবদন্তী অনুযায়ী, ৩২৬ খ্ৰীষ্টপূৰ্বত মহামতি আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিলে। আলেকজেণ্ডাৰৰ স্ত্ৰীয়ে পুৰু ৰজালৈ এডাল সূতা পঠিয়ায় আৰু তেওঁক অনুৰোধ জনায় যে আলেক... | |
0905ce0d53fc1e0f617d3bfecb0440181dd6241a4f04d57e85b22187b920e487 | ৰামচন্দ্ৰ গুহৰ মতে গান্ধী আৰু আম্বেদকাৰৰ কৰ্মই পৰিপূৰকৰ কাম কৰিছিল। গান্ধীয়ে প্ৰায়েই আম্বেদকাৰৰ প্ৰশংসা কৰিছিল। ১৯৩৪ চনৰ গ্ৰীষ্ম কালত গান্ধীৰ জীৱনৰ ওপৰত তিনিটাকৈ আক্ৰমণ হৈছিল। ১৯৩৪ চনত গান্ধীয়ে কংগ্ৰেছৰ সদস্যপদ ইস্তাফা দিয়ে। মোহনদাস গান্ধী কংগ্ৰেছৰ দলীয় নীতিৰ বিৰোধী হৈ এই ইস্তাফা দিয়া নাছিল। তেওঁ বিশ্বাস কৰিছিল য... | |
0f4e1a6d250143bf3f362e36de711daaf627ec7775de55711e739957c0ba11fb | ‘গণপতি’ৰ প্ৰথম উল্লেখ পোৱা যায় প্ৰাচীনতম হিন্দু ধৰ্মগ্ৰন্থ ঋগ্বেদত। দুটি ঋক মন্ত্ৰত ‘গণানাম গণপতিম হবামহে...’ আৰু ‘বিষু সীদা গণপতে...’ বাক্যাংশসমূহে বৈদিক গণপতিৰ এটা ধাৰণা দিয়ে। যদিও এই গণপতি অৰু বৰ্তমান কালত পূজ্য পৌৰাণিক গণপতি একে নহয়। তথাপি এইকথা অনেকেই স্বীকাৰ কৰে যে বেদোত্তৰ যুগত ঋষিসকলৰ ‘গণপতি-ব্ৰহ্মণস্পতি’ৰ প... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.